উত্তৰ-পূৱ ভাৰতৰ স্বতন্ত্রতাৰ দাবী



কৃতজ্ঞতা স্বীকাৰ


মই প্ৰথমে ....... উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ বিষয় শিক্ষক ......... ছাৰ আৰু বিদ্যালয়ৰ অধ্যক্ষ মহোদয় শ্ৰীযুত..... ছাৰক আন্তৰিক ধন্যবাদ যাচিছো কাৰণ অধ্যক্ষ মহোদয় আৰু ছাৰৰ তত্ত্বাৱধানত মই মোৰ প্ৰকল্পটিক সম্পুৰ্ণ ৰূপ দিবলৈ সমর্থ হলো আৰু লগতে বিদ্যালয়ৰ শিক্ষাগুৰু সকল, মোৰ পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধবী সকলকো ধন্যবাদ জনাইছো কাৰণ তেওঁলোকৰ সহাঁৰি অবিহনে এই প্রকল্পটি সম্ভৱ হৈ নুঠিল হেতেন।

অৱশেষত এই প্রকল্প প্রস্তুত কৰাৰ সময়ত মোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰা প্রতিজন ব্যক্তিলৈকে মই মোৰ আন্তৰিক ধন্যবাদ জনাই কৃতজ্ঞতা জ্ঞাপন কৰিলো।


ঘোষণা পত্র


ইয়াৰ দ্বাৰা জনোৱা যায় যে মই কৰা প্ৰকল্পটো "উত্তৰ-পূৱ ভাৰতৰ স্বতন্ত্রতাৰ দাবী" মোৰ সম্পূৰ্ণ নিজা আৰু মৌলিক কৰ্ম ।

এই প্ৰকল্পটো উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ২০২৩ - ২০২৪ বৰ্ষত জমা দিব বাবে প্ৰস্তুত কৰা হৈছে আৰু আগতে কোনো শৈক্ষিক ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হোৱা নাই।


তাৰিখ:

ছাত্র/ছাত্ৰীৰ নাম:

শ্ৰেণী:

ৰোল নংঃ

বিদ্যালয়:



তত্ত্বাৱধায়কৰ প্ৰমাণ পত্ৰ


ইয়াৰ দ্বাৰা জনোৱা হয় যে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ‌ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ/ছাত্ৰী ................. এ মোৰ তত্ত্বাৱধানত ৰাজনীতি বিজ্ঞানৰ ................নামৰ প্ৰকল্পটো সম্পূৰ্ণ কৰিছে।তেওঁ সম্পূর্ণ সাৱধানতা, সজাগতা আৰু নিষ্ঠাৰে এই প্ৰকল্প প্রস্তুতকৰণৰ কাৰ্যভাগ সম্পন্ন কৰিছে । প্ৰকল্পটো তেওঁৰ সম্পূৰ্ণ মৌলিক কৰ্ম আৰু ইয়াক আগতে কোনো শৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হোৱা নাই।


তত্ত্বাৱধায়কৰ স্বাক্ষৰ


তাৰিখ:


বিদ্যালয়:


বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰমাণ পত্ৰ:


ইয়াৰ দ্বাৰা জনোৱা হয় যে ...... উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ /ছাত্ৰী ................. এ ৰাজনীতি বিজ্ঞানৰ বিষয় শিক্ষক শ্ৰী ......... তত্ত্বাৱধানত

 ............... নামৰ প্ৰকল্পটো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিছে। প্ৰকল্পটো ছাত্ৰ/ছাত্ৰী গৰাকীৰ সম্পূৰ্ণ মৌলিক কৰ্ম আৰু ইয়াক আগতে কোনো শৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হোৱা নাই।


অধ্যক্ষৰ চহী


তাৰিখ:



সূচীপত্র


১) আৰম্ভণি

২) উত্তৰ-পূৱ ভাৰতত উত্থাপিত স্বতন্ত্রতাৰ দাবীৰ কাৰণ

৩) উত্তৰ-পূৱ ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলন সমূহৰ বিৱৰণ

৪) সামৰণি

৫) সহায়ক গ্রন্থপঞ্জী



আৰম্ভনি

উত্তৰ-পূর্বাঞ্চল বুলি ক'লে ভাৰতৰ উত্তৰ-পূব প্রান্তত অৱস্থিত সাত ভনী ৰাজ্য কেইখনক বুজায়। ৰাজ্যসমূহ হ'ল: অসম, মনিপুৰ, ত্রিপুৰা, মিজোৰাম, মেঘালয়, অৰুণাচল প্রদেশ আৰু নাগালেণ্ডক উত্তৰ-পূর্বাঞ্চল বুলি কোৱা হয়। বর্তমান ছিকিমকো উত্তৰ-পূর্বাঞ্চলৰ ভিতৰত সামৰি লোৱা হৈছে। 

অঞ্চলটো ভাৰতৰ মূল খণ্ডৰ সৈতে ৫৬ কিলোমিটাৰ দীঘল ঠেক কৰিডৰ এটাৰে সংলগ্ন হৈ আছে। এই ঠেক কৰিৰ্ডৰটোক শিলিগুৰি কৰিডৰ অথবা 'কুকুৰাৰ ডিঙি কৰিডৰ' (Chicken Neck Corridor) হিচাপে জনা যায়। 

এই অঞ্চলটো চীন, ম্যানমাৰ, বাংলাদেশ আন্তর্জাতিক সীমাত অৱস্থিত। উত্তৰ-পূবে ভাৰতৰ দক্ষিণ-পূব এছিয়াৰ দুৱাৰ হিচাপেও কাম কৰি আছে। বাৰেবৰণীয়া বৈচিত্র্যৰে ভৰপূৰ অঞ্চলটোত ১৬০ টাৰো অধিক প্রধান জাতি আৰু উপজাতি আছে। তেওঁলোকে ৪০০ টা ভাষা আৰু দোৱান ব্যৱহাৰ কৰে।আন্তর্জাতিক সীমাৰ লগত সংলগ্ন হৈ থকাৰ বাবে এই অঞ্চলটোক অধিক স্পর্শকাতৰ অঞ্চল হিচাপে গণ্য কৰা হয়।


উত্তৰ-পূৱ ভাৰতত উত্থাপিত স্বতন্ত্রতাৰ দাবীৰ কাৰণ:


উত্তৰ-পূর্বাঞ্চলত যথেষ্ট সংখ্যক প্রাকৃতিক সম্পদ থকাৰ পিছতো অঞ্চলটোত বিকাশৰ গতি ধীৰ। ভাৰতৰ মূল ভূ-খণ্ডৰ পৰা আঁতৰত অৱস্থিত হোৱাৰ কাৰণে অঞ্চলটো বহু ক্ষেত্রত অৱহেলাৰ সম্মুখীন হ'ব লগা হৈছিল। আকৌ ক্রমাগত অনুপ্ৰৱেশৰ ফলস্বৰূপে অঞ্চলটোৰ ৰাজ্যসমূহৰ জনগাঁথনি ভাবুকিৰ সন্মুখীন হৈ আহিছে। এই ক্ষেত্রত অসম, ত্রিপুৰা আৰু অৰুণাচল প্রদেশ অধিক পৰিমাণে ভুক্তভোগী। বিশেষকৈ বাংলাদেশৰ পৰা হোৱা প্রব্রজনে অঞ্চলটোৰ থলুৱা সমাজ-সংস্কৃতিত বিৰূপ প্রভাব পেলাইছে।

অঞ্চলটোৰ নিলগতা, ইয়াৰ জটিল সামাজিক চৰিত্ৰ আৰু ভাৰতৰ অন্যান্য অংশৰ তুলনাত অর্থনৈতিক অগ্ৰসৰতাৰ ফলস্বৰূপে উত্তৰ-পূবৰ ৰাজ্যসমূহত স্বাধীনতাৰ দিনৰ পৰা বিভিন্ন দাবী উত্থাপিত হৈ আহিছে। 

উত্তৰ-পূৱ ভাৰতত উত্থাপিত স্বতন্ত্রতাৰ দাবীৰ মূল কাৰণসমূহ হ'ল -


১) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা : 

ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অংগৰাজ্যসমূহৰ প্ৰতি সমানে সহানুভূতিশীল নহয় । উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহক অৱহেলা কৰি মাহীমাকৰ দৰে ব্যৱহাৰ কৰে। এনে অৱহেলিত ৰাজ্যসমূহে নিজৰ প্ৰাপ্য আদায়ৰ উদ্দেশ্যে স্বতন্ত্রতাৰ দাবী উত্থাপন কৰা দেখা যায়। 

২) আঞ্চলিক অসমতা : 

ভাৰতবৰ্ষৰ আন ৰাজ্যৰ দৰে উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহ অর্থনৈতিক ক্ষেত্ৰত সমানভাৱে আগবাঢ়িব পৰা নাই। ইয়াৰ ফলশ্ৰুতিত পিছপৰা অঞ্চলসমূহৰ স্থানীয় নেতাসকলে সুবিধা গ্রহণ কৰি অঞ্চলটোৰ জনসাধাৰণৰ মনত স্বতন্ত্রতাৰ মনোভাৱ জগাই তোলা দেখা যায় ।

৩) সমস্যা সমাধানত বিলম্ব :

কেন্দ্ৰীয় চৰকাৰক উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহ কেতবোৰ গুৰুত্বপূর্ণ আঞ্চলিক সমস্যা সমাধানৰ ক্ষেত্ৰত বিলম্ব নাইবা হেমাহি কৰা দেখা যায়। ইয়াৰ ফলত এই ৰাজ্যসমূহত তেনে সমস্যাবোৰ সমাধানৰ বাবে তীব্ৰ আন্দোলন গঢ়ি উঠা দেখা যায় ।


উত্তৰ-পূৱ ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলন সমূহৰ বিৱৰণ

ভাৰতীয় সংবিধানৰ অধীনত বিভিন্ন জনগোষ্ঠীক স্বায়ত্তশাসন অথবা আত্মনিয়ন্ত্রণৰ অধিকাৰ প্ৰদান কৰা হৈছে। কিন্তু কিছুসংখ্যক জনগোষ্ঠীয়ে এই ব্যৱস্থা চেৰাই গৈ স্বাধীন, সার্বভৌম ৰাষ্ট্র গঠনৰ বাবে সশস্ত্র পন্থা অবলম্বন কৰি আহিছে যিয়ে ভাৰতৰ অখণ্ডতাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে। ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা উত্তৰ-পূৱত বিচ্ছিন্নতাবাদী আন্দোলনৰ প্রৱণতা পৰিলক্ষিত হোৱা দেখা গৈছে । তলত ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰা হল -


১) নাগালেণ্ড :


উত্তৰ-পূবত বিচ্ছিন্নতাবাদৰ আৰম্ভ কৰে নগা জনগোষ্ঠীয়ে। নাগালেণ্ডে কোনোপধ্যেই ভাৰতৰ সৈতে চামিল হ'ব বিচৰা নাছিল । ১৯৪৬ চনত নগা নেচনেল কাউন্সিল (Naga National Council, NNC) নামেৰে এটা ৰাজনৈতিক সংগঠনৰ জন্ম হয়।

১৯৫০ চনত নগা নেচনেল কাউন্সিলে নগা স্বাধীনতাৰ বিষয়টোৰ ওপৰত এক গণভোটৰ আয়োজন কৰে আৰু এই গণভোটত ৯৯ শতাংশ নগা লোকে স্বাধীন ৰাষ্ট্ৰ এখনৰ সপক্ষে ভোট প্রদান কৰে। 

১৯৫১ চনত ফিজোৰ নেতৃত্বত একাংশ নগা লোকে ভাৰতৰ পৰা স্বাধীনতাৰ দাবী জনায়। ১৯৫৬ চনত ফিজোৱে নগাসকলৰ এখন নিজা সংবিধান আৰু সেনাৰে চৰকাৰ গঠনৰ ঘোষণা কৰে। 

ফিজোৱে ভাৰত চৰকাৰৰ বহু আলোচনা আৰু সমাধানৰ ব্যৱস্থা প্রত্যাখ্যান কৰে। ফিজোৰ নেতৃত্বত নগা নেচনেল কাউন্সিলে নগাসকলৰ সার্বভৌমত্বৰ দাবীত সশস্ত্র বিদ্রোহ আৰম্ভ কৰে।

অৱশেষত ১৯৭৫ চনৰ ১১ নৱেম্বৰত নগা নেচনেল কাউন্সিল আৰু ভাৰত চৰকাৰৰ মাজত ‘শ্বিলং চুক্তি' সম্পাদিত হয়। এই চুক্তিত বহুকেইগৰাকী নগা নেচনেল কাউন্সিলৰ নেতাই অসন্তুষ্টি প্রকাশ কৰে।

ফলত ১৯৮০ চনৰ দুই ফেব্ৰুৱাৰীত নেচনেল ছ'চিয়েলিষ্ট কাউঞ্চিল অৱ নাগালেণ্ড (National Socialist Council of Nagaland, NSCN) ৰ জন্ম হয়। এই গোটটোৱে বৃহত্তৰ নাগালিমৰ দাবীত সশস্ত্ৰ সংগ্ৰাম চলাই আছে। 


২) মিজোৰাম :

নাগালেণ্ডৰ দৰে উত্তৰ-পূবৰ অইন এখন ৰাজ্য মিজোৰামতো সশস্ত্ৰ বিচ্ছিন্নতাবাদী আন্দোলনে এসময়ত ভাবুকিৰ সৃষ্টি কৰিছিল। সেই সময়ত মিজোৰামক লুচাই পাহাৰ নামেৰে জনা গৈছিল। 

১৯৬১ চনৰ ২২ অক্টোবৰত মিজো নেচনেল ফ্রন্ট গঠন কৰা হৈছিল । ‘মিজোৰাম মিজোসকলৰ বাবে' শ্ল'গানেৰে মিজো নেচনেল ফ্রন্টে মিজোৰামৰ স্বাধীনতাৰ দাবীত সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে। 

মিজো নেচনেল ফ্রন্টে পাকিস্তানৰ পৰা সাহায্য লাভ কৰিছিল। প্ৰায় দুই দশক মিজো বিদ্রোহী আৰু ভাৰতীয় সেনাৰ মাজত সশস্ত্র সংঘাত চলি থাকে ।

অৱশেষত প্রধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু লালডেংগাৰ মাজত স্বাক্ষৰিত এই শান্তি চুক্তিৰ ব্যৱস্থা মৰ্মে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামে এখন সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰে। পু লালডেংগাই ৰাজ্যখনৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।


৩) অসম:


অসমতো ১৯৭০ ৰ দশকৰ শেহৰপৰা বিচ্ছিন্নতাবাদী সশস্ত্র আন্দোলন আৰম্ভ হয়। ১৯৭৯ চনৰ সাত এপ্ৰিলত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী, অসম (United Liberation Front of Assam, ULFA) ৰ জন্ম হয়। 

আলফা নামেৰে জনপ্ৰিয় হৈ পৰা এই সশস্ত্র সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ শোষণৰ বিৰুদ্ধে সশস্ত্র সংগ্রাম চলাই স্বাধীন অসম প্রতিষ্ঠা কৰাৰ সংকল্পেৰে হিংসাত্মক ঘটনা সংঘটিত কৰি থাকে।

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা অসমলৈ হোৱা ব্যাপক হাৰত প্ৰব্ৰজনে ৰাজ্যখনৰ জনগাঁথনিগত দিশটোত জটিলতাৰ সৃষ্টি কৰে।

ফলত‌ ১৯৭৯ চনত আছুৱে বিদেশী বিতাড়ন আন্দোলন আৰম্ভ কৰে।

বহিৰাগতৰ বিৰুদ্ধে ভাৰতৰ এক অন্যতম আন্দোলন হ'ল সদৌ অসম ছাত্ৰ সন্থা (All Assam Students Union, AASU) ৰ দ্বাৰা ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা অসম‌ আন্দোলন।

এই আন্দোলনৰ নেতৃবৰ্গই আশংকা কৰিছিল যে বাংলাদেশৰ পৰা বৃহৎ হাৰত অবৈধ অনুপ্ৰৱেশ ঘটি আছে। এই বিদেশীসকলক যদিহে অনতি পলমে চিনাক্ত কৰি বিতাড়ন কৰা নহয়, তেন্তে অসমীয়া লোক সংখ্যালঘুত পৰিণত হ'ব। উল্লেখযোগ্য যে আছুৱে প্ৰথম অৱস্থাত বহিৰাগতসকলৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল যদিও পিছলৈ এই আন্দোলনটোৰ একমাত্ৰ লক্ষ্য হৈ পৰে বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকল।

আন্দোলনটোৰ নেতৃবর্গই অবৈধ অনুপ্রৱেশকাৰী, বংগভাষীসকলৰ আধিপত্য আৰু অশুদ্ধ ভোটাৰ তালিকাৰ বিৰুদ্ধে আন্দোলনটো আৰম্ভ কৰে। সংগঠনটোৰ মতে ভোটাৰ তালিকাত লাখ লাখ বাংলাদেশী নাগৰিকৰ নাম অন্তর্ভুক্ত কৰা হৈছে। তেওঁলোকৰ মতে ১৯৫১ চনৰ পিছত অহা সকলো বিদেশীয়ে অসম ত্যাগ কৰিব লাগিব। এই আন্দোলনটোৱে অসমৰ প্ৰায় সকলো শ্ৰেণীৰ জনসাধাৰণৰ সমর্থন লাভ কৰিবলৈ সমর্থ হৈছিল। আন্দোলনটোৱে অসমত এক অভূতপূর্ব আৱেগৰ সৃষ্টি কৰিছিল। 

বিদেশী বিতাড়ন আন্দোলনটো গণতান্ত্রিক আৰু অহিংস আছিল যদিও সময়ত ই হিংসাত্মক ৰূপো ধাৰণ কৰিছিল। এই আন্দোলনটোত ৬০০ তকৈ অধিক ছহিদ হয় আৰু বহুসংখ্যক লোক চিৰদিনলৈ ঘূণীয়া হয়।

অৱশেষত সুদীর্ঘ ছয়বছৰৰ আন্দোলনৰ পিছত ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনৰ নেতৃবৰ্গৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত ঐতিহাসিক অসম চুক্তি সম্পাদিত হয়। 

এই চুক্তিমর্মে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ অবৈধ অনুপ্ৰৱেশ কৰা বাংলাদেশী নাগৰিকসকলক বিতাড়ন কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ।

অৱশ্যে বিদেশী বিতাড়নৰ সমস্যাটো আজিলৈকে সমস্যা হৈয়ে থাকিল।


সামৰণি

উত্তৰ-পূৱ ভাৰত আঞ্চলিক ৰাজনৈতিক প্রত্যাশাৰ এক ৰঙ্গমঞ্চ। স্বাধীনতাৰ পিছৰে পৰা উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন নৃ-গোষ্ঠীয়ে আঞ্চলিক ৰাজনৈতিক প্রত্যাশা ব্যক্ত কৰি আহিছে। এনে প্রত্যাশা বিভিন্ন দাবীৰ মাজেৰে প্ৰতিফলিত হৈছে। 

ভাৰতীয় সংবিধানে স্বায়ত্ততাৰ দাবী পূৰণ কৰিব পৰাকৈ প্ৰয়োজনীয় ব্যৱধান সন্নিৱিষ্ট কৰিছে। এই ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে তিনিটা পন্থা গ্রহণ কৰি আহিছে-

১) ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসিত পৰিষদ গঠন কৰা; 

২) কেন্দ্ৰীয়শাসিত অঞ্চল গঠন কৰা আৰু 

৩) পৃথক ৰাজ্য গঠন কৰা। 

উত্তৰ-পূৱ ভাৰতত গঢ়ি উঠা স্বায়ত্ততাৰ দাবী পূৰণৰ বাবে ভাৰত চৰকাৰে এই তিনিটা পদক্ষেপ হাতত লৈছে। কিন্তু উত্তৰ-পূৱ ভাৰতত এই ব্যৱধানসমূহ প্ৰয়োগ কৰাৰ পাছতো আঞ্চলিক ৰাজনৈতিক প্রত্যাশা পূৰণ কৰিব পৰা নাই। এই অঞ্চলৰ বিভিন্ন নৃ-গোষ্ঠীয়ে নিজৰ ৰাজনৈতিক প্রত্যাশা পূৰণৰ বাবে স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ দাবী উত্থাপন কৰি আহিছে আৰু তাক বাস্তবায়িত কৰিবৰ বাবে সশস্ত্ৰ সংগ্ৰামৰ পথো গ্রহণ কৰিছে। 

এনে দাবীক বাস্তবায়িত কৰাৰ কোনো ব্যৱস্থাপনা ভাৰতীয় সংবিধানত নাই। অর্থাৎ ভাৰতীয় সাংবিধানিক ব্যৱস্থাই পৃথক স্বাধীন ৰাষ্ট্ৰ গঠনত অনুমতি প্ৰদান কৰা নাই। ফলত এই সশস্ত্র সংগঠনসমূহৰ লগত ভাৰত ৰাষ্ট্ৰ সমুখ সংঘৰ্ষত লিপ্ত হৈ পৰিছে। উত্তৰ-পূব ভাৰতৰ তিনিখন ৰাজ্য ক্রমে- নাগালেণ্ড, মিজোৰাম আৰু অসমত গঢ়ি উঠা এনে দাবীয়ে ভাৰত ৰাষ্ট্ৰৰ বাবে দীর্ঘকালীন প্রত্যাহ্বানৰ সৃষ্টি কৰি আহিছে।

বৃহৎ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু ভাৰতৰ অন্যান্য অঞ্চলৰ মাজত দুর্বল যোগাযোগে অঞ্চলটোৰ ৰাজনীতিৰ প্ৰকৃতি অধিক স্পর্শকাতৰ কৰি তুলিছে। অঞ্চলটোত বিভিন্ন সময়ত উত্থাপিত বিভিন্ন দাবীয়ে কেন্দ্ৰীয় চৰকাৰৰ সন্মুখতো প্রত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। স্বতন্ত্ৰতাৰ দাবী, বিচ্ছিন্নতাবাদী সশস্ত্র আন্দোলন, বহিৰাগতৰ বিৰুদ্ধে আন্দোলন আদিয়ে স্বাধীনতাৰ পিচৰে পৰা অঞ্চলটো অশান্ত কৰি আহিছে।


সহায়ক গ্রন্থপঞ্জী

১) শৰ্মা, প্রমোদ, ২০১০ আগই, অশান্ত উত্তৰ-পূর্বাঞ্চল, Assam Publishing company.

২) হাজৰিকা নিৰু, চক্রবর্তী জ্যোতিনাথ, ২০১১ মে, স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি, ভাৰতী বুক ষ্টল ।

৩) চক্রবর্তী, আদ্যনাথ, পাল কৃপেশ চন্দ্র, নায়ক প্রতুল চন্দ্র, দত্ত অখিল ৰঞ্জন, ২০২২, ৰূপালীম প্রকাশন ।