ধৰ্মনিৰপেক্ষতাবাদৰ ধাৰণা : পশ্চিমীয়া বনাম ভাৰতীয় আৰ্হি
কৃতজ্ঞতা স্বীকাৰ
মই প্ৰথমে … উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ বিষয় শিক্ষক ……… ছাৰ আৰু বিদ্যালয়ৰ অধ্যক্ষ মহোদয় শ্ৰীযুত….. ছাৰক আন্তৰিক ধন্যবাদ যাচিছো কাৰণ অধ্যক্ষ মহোদয় আৰু ছাৰৰ তত্ত্বাৱধানত মই মোৰ প্ৰকল্পটিক সম্পুৰ্ণ ৰূপ দিবলৈ সমর্থ হলো আৰু লগতে বিদ্যালয়ৰ শিক্ষাগুৰু সকল, মোৰ পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধবী সকলকো ধন্যবাদ জনাইছো কাৰণ তেওঁলোকৰ সহাঁৰি অবিহনে এই প্রকল্পটি সম্ভৱ হৈ নুঠিল হেতেন।
অৱশেষত এই প্রকল্প প্রস্তুত কৰাৰ সময়ত মোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰা প্রতিজন ব্যক্তিলৈকে মই মোৰ আন্তৰিক ধন্যবাদ জনাই কৃতজ্ঞতা জ্ঞাপন কৰিলো।
প্ৰমাণ পত্ৰ
ইয়াৰ দ্বাৰা জনোৱা হয় যে …. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ/ছাত্ৰী …………….. এ মোৰ তত্ত্বাৱধানত ৰাজনীতি বিজ্ঞানৰ “ধৰ্মনিৰপেক্ষতাবাদৰ ধাৰণা : পশ্চিমীয়া বনাম ভাৰতীয় আৰ্হি”নামৰ প্ৰকল্পটো সম্পূৰ্ণ কৰিছে।তেওঁ সম্পূর্ণ সাৱধানতা, সজাগতা আৰু নিষ্ঠাৰে এই প্ৰকল্প প্রস্তুতকৰণৰ কাৰ্যভাগ সম্পন্ন কৰিছে । প্ৰকল্পটো তেওঁৰ সম্পূৰ্ণ মৌলিক কৰ্ম আৰু ইয়াক আগতে কোনো শৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হোৱা নাই।
তত্ত্বাৱধায়কৰ স্বাক্ষৰ
তাৰিখ:
বিদ্যালয়:
সূচীপত্ৰ
•পৰিচয় ——— Page No 1
•ধৰ্মনিৰপেক্ষতাবাদৰ অৰ্থ———— 2
•ধৰ্মনিৰপেক্ষ সমাজৰ বৈশিষ্ট ——
•ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণা ——–
•ধৰ্মনিৰপেক্ষতাবাদৰ ভিন্ন আৰ্হি —–
•ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ সমালোচনা—
•সামৰণি——-
পৰিচয়:
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হৈছে। ইয়াৰ সাধাৰণ অৰ্থ হ’ল চৰকাৰে ধৰ্মৰ ক্ষেত্ৰত এক নিৰপেক্ষ অৱস্থান গ্রহণ কৰিব আৰু কোনো ধৰ্মৰ প্রতি পক্ষপাতিত্বমূলক আচৰণ নকৰিব। ভাৰতবৰ্ষই নিজকে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘোষণা কৰাৰ মূল কাৰণ এইয়ে যে ভাৰতবৰ্ষত পৃথিৱীৰ প্ৰায় সকলোবোৰ ধৰ্মৰ লোকে বসবাস কৰে। দেশত হিন্দু ধৰ্মৰ লোক সংখ্যাগৰিষ্ঠ হ’লেও ভাৰতবৰ্ষত ইছলাম, খ্রীষ্টান, বৌদ্ধ, শিখ আৰু জৈন- এই সকলো ধৰ্মৰে লোক বাস কৰে। এই সকলো ধৰ্মৰ লোক একেখন চৰকাৰৰ অধীনস্থ। ৰাজনৈতিকভাৱে তেওঁলোকৰ পৰিচয় মাত্র এটা। সেইয়া হ’ল “ভাৰতীয় নাগৰিক”। এনে পৰিস্থিতিত চৰকাৰে যদি কোনো এটা বিশেষ ধৰ্মৰ প্রতি পক্ষপাতিত্বমূলক আচৰণ কৰে তেন্তে সকলো ভাৰতীয় নাগৰিকৰ প্ৰতি সুবিচাৰ কৰা নহ’ব। তদুপৰি ভাৰতীয় সংবিধানত সকলো নাগৰিককে আইনৰ চকুত সমান বুলি কোৱা হৈছে। অর্থাৎ জাতি, বর্ণ, ধর্ম অথবা লিংগৰ প্ৰশ্নত চৰকাৰে কাৰো প্ৰতি বৈষম্য আচৰণ কৰিব নোৱাৰে। “সাৰ্বজনীন নাগৰিকত্ব” আৰু “আইনৰ চকুত সকলো সমান”- এই দুয়োটা নীতিৰ প্ৰতি সুবিচাৰ কৰাৰ স্বাৰ্থতে ভাৰতবৰ্ষই নিজকে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘোষণা কৰিছে।
ধৰ্মনিৰপেক্ষতাবাদৰ অৰ্থ :
ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰধানকৈ দুটা অৰ্থ আছে:
(১) ৰাষ্ট্ৰ আৰু ধৰ্মৰ কৰ্মক্ষেত্ৰ পৃথক বুলি স্বীকাৰ কৰি লোৱা আৰু
(২) ৰাষ্ট্ৰই সকলো ধৰ্মৰ প্ৰতি সমভাব পোষণ কৰা।
এই দুটা ধাৰণাৰ লগত তলত দিয়া কথাবোৰ জড়িত হৈ আছে:
(ক) ৰাষ্ট্ৰৰ নিজা কোনো ধর্ম নাথাকিব;
(খ) ৰাষ্ট্ৰই কোনো এটা বিশেষ ধৰ্মৰ প্ৰতি পৃষ্ঠপোষকতা নকৰিব;
(গ) কোনো ধর্মীয় আচৰণ অথবা নীতি-নিয়মৰ দ্বাৰা চৰকাৰৰ নীতি পৰিচালিত নহ’ব;
(ঘ) সকলো নাগৰিকৰে ধৰ্মৰ অধিকাৰ থাকিব- অর্থাৎ নাগৰিক হিচাপে প্রত্যেকৰে নিজাকৈ ধর্মগ্রহণ, প্ৰচাৰ আৰু প্ৰসাৰণৰ স্বাধীনতা থাকিব;
(ঙ) ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰই কাৰো প্ৰতি বৈষম্য আচৰণ নকৰিব।
ধৰ্মনিৰপেক্ষ সমাজৰ বৈশিষ্ট:
ধৰ্মনিৰপেক্ষ সমাজৰ বৈশিষ্ট সমূহ হৈছে –
১) এটা ধর্মই আন কোনো ধৰ্মৰ ওপৰত চলোৱা দমন-অৱদমনৰ অৱসান ঘটোৱা;
২। কোনো এটা ধৰ্মৰ ভিতৰৰে এচাম লোকে অন্য এচাম লোকৰ ওপৰত ধৰ্মৰ দোহাই দি চলোৱা দমন- অৱদমনৰ অৱসান ঘটোৱা। হিন্দু ধৰ্মৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ হ’ল জাতিপ্ৰথাৰ অবসান ঘটোৱা;
৩। ধর্মৰ দোহাই দি পুৰুষ আৰু মহিলাৰ মাজত সৃষ্টি কৰা বৈষম্য দূৰ কৰা;
৪) ভিন্ন ধর্ম আৰু একোটা ধৰ্মৰ ভিতৰতে বিভিন্ন বর্ণ বা গোটৰ মাজত সমতা আৰু সহনশীলতাৰ পৰিৱেশ গঢ়ি তোলা;
৫) সাম্প্রদায়িকতাবাদৰ অৱসান ঘটোৱা।
ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণা :
সাধাৰণতে ধৰ্মনিৰপেক্ষতাবাদৰ কথা কওঁতে আমি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ কথাকে বুজাওঁ।
ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰাৰ আগেয়ে ৰাষ্ট্ৰই ধৰ্মনিৰপেক্ষ চৰিত্ৰ গ্ৰহণ কৰাটোনো কিয় গুৰুত্বপূর্ণ তাৰ বিষয়ে চমুকৈ আলোচনা কৰা অতি প্ৰয়োজন। ভাৰতবৰ্ষক এক উদাহৰণ হিচাবে লৈয়েই ইয়াৰ ব্যাখ্যা আগবঢ়োৱা হওক।
ভাৰতীয় সংবিধানে নাগৰিকত্ব আৰু মৌলিক অধিকাৰ প্ৰদানৰ বেলিকা কেতবোৰ গুৰুত্বপূৰ্ণ নীতি অৱলম্বন কৰিছে।
সংবিধানপ্রদত্ত সার্বজনীন নাগৰিকত্ব, সমতাৰ অধিকাৰ আৰু ধর্মীয় অধিকাৰ বাস্তৱায়িত কৰিবৰ বাবে ভাৰতবৰ্ষক এনেকুৱা ধৰণৰ এখন ৰাষ্ট্ৰ লাগিব যি ধর্ম, বর্ণ আৰু লিংগৰ ভিত্তিত বৈষম্য আচৰণ নকৰিব। তেনেকুৱা এখন ৰাষ্ট্রকেই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়। ভাৰতবৰ্ষৰ সংবিধানে সেয়েহে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে।
ভাৰতবৰ্ষৰ দৰে পৃথিৱীৰ অন্য বহু দেশেও সাংবিধানিকভাৱেই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ব্যৱস্থাৰ পোষকতা কৰিছে। পৃথিৱীৰ বিভিন্ন দেশত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ চৰিত্ৰ বেলেগ বেলেগ। কিন্তু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ কিছুমান মৌলিক বৈশিষ্ট্য আছে। তাৰ ভিতৰত অন্যতম হ’ল:
১। ৰাষ্ট্ৰৰ নিজা কোনো ধর্ম নাথাকে;
২) ৰাষ্ট্ৰৰ কোনো বিশেষ ধৰ্মৰ স’তে আনুষ্ঠানিক সম্পর্ক আৰু মিত্রতা নাথাকে;
৩। ৰাষ্ট্ৰই কোনো বিশেষ ধৰ্মৰ ৰাজনৈতিক পৃষ্ঠপোষকতা নকৰে;
৪) ৰাষ্ট্ৰৰ শাসনব্যৱস্থা ধর্মীয় ৰীতি-নীতিৰ দ্বাৰা পৰিচালিত নহয়;
৫। সাহায্য প্ৰদানৰ বেলিকা ৰাষ্ট্ৰই সকলো ধৰ্মৰ প্ৰতি সম দৃষ্টি আৰু আচৰণ পোষণ কৰে।
ধৰ্মনিৰপেক্ষতাবাদৰ ভিন্ন আৰ্হিসমূহ:
ধৰ্মনিৰপেক্ষতাবাদ সম্পৰ্কত সাধাৰণতে দুটা মূল আৰ্হি পৰিলক্ষিত হয় । পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হি আৰু ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হি । তলত এই দুই আৰ্হিৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল ।
ধৰ্মনিৰপেক্ষতাবাদৰ পশ্চিমীয়া আৰ্হি :
ধৰ্মনিৰপেক্ষতাবাদৰ পশ্চিমীয়া আৰ্হিটোৰ জন্মদাতা হ’ল মার্কিন যুক্তৰাষ্ট্র। মার্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি থমাচ জেফাৰচনৰ মতে “ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এখনি বৃহৎ প্রাচীৰ আছে” । এই প্ৰাচীৰকেই পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাবাদৰ মূল ভেঁটি বুলি ক’ব পাৰি।
পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হি অনুসৰি ৰাষ্ট্ৰই যিদৰে ধৰ্মীয় কাম-কাজত কোনো ধৰণে হস্তক্ষেপ কৰিব নোৱাৰিব ঠিক সেইদৰে ধৰ্মইও ৰাষ্ট্ৰৰ কাম-কাজত হস্তক্ষেপ কৰিব নোৱাৰিব। ৰাষ্ট্ৰ আৰু ধর্ম- দুয়োটাৰে কর্মক্ষেত্র পৃথক হ’ব। এটাই আনটোক নিয়ন্ত্রণ আৰু প্ৰভাৱিত কৰাৰ পৰা বিৰত থাকিব ।
ইয়াৰ উপৰিও ধৰ্মৰ ক্ষেত্ৰত ৰাষ্ট্ৰই অন্য কেইটামান নীতি মানি চলে যেনে –
( ১) ৰাষ্ট্ৰই ধর্মীয় প্রতিষ্ঠানৰ প্ৰতি কোনো সাহায্য প্রদান নকৰে ।
(২) ধর্মই ইয়াৰ অনুগামীসকলৰ ওপৰত কৰা বাধা-নিষেধৰ ক্ষেত্ৰত ৰাষ্ট্ৰই হস্তক্ষেপ নকৰে।
ধর্মীয় ৰীতি-নীতিয়ে যদি কোনো ধর্মৰ অনুগামীসকলৰ ব্যক্তিগত অধিকাৰ খৰ্ব কৰিছে তেতিয়াও ৰাষ্ট্ৰই হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকে ।
ধৰ্মনিৰপেক্ষতাবাদৰ পশ্চিমীয়া আৰ্হিয়ে ৰাষ্ট্ৰৰ উদ্যোগত ধর্মীয় ব্যৱস্থাৰ সংস্কাৰ সাধনৰ ধাৰণাটোকে বিৰোধিতা কৰে।
ধৰ্মনিৰপেক্ষতাবাদৰ ভাৰতীয় আৰ্হি :
ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হি পশ্চিমীয়া আর্হিতকৈ বেলেগ। ধর্মীয় সংবেদনশীলতাই আমাৰ ব্যক্তিগত জীৱনৰ লগতে সামাজিক জীৱনকো প্রভাবিত কৰি আহিছে।
ব্যক্তিগত জীৱন আৰু সমাজ জীৱনত ধর্মই এনে ধৰণে প্রভাব বিস্তাৰ কৰা সমাজ এখনত ৰাজনীতি বা ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এখন প্ৰাচীৰ নিৰ্মাণ কৰি তোলাটো সহজ কথা নহয়।
বিংশ শতিকাৰ দ্বিতীয় দশকৰ শেষৰ ফালে মহাত্মা গান্ধীয়ে ভাৰতীয় ৰাজনীতিত সক্রিয়ভাবে অংশগ্রহণ কৰে। গান্ধীজীয়ে এটা কথা বুজিছিল যে ভাৰতীয় সমাজ-সংস্কৃতিত ধৰ্মৰ প্রভাৱ অত্যন্ত শক্তিশালী। সেয়েহে ৰাজনীতিৰ পৰা ধৰ্মক দলিয়াই পেলাব নোৱাৰি। অন্যহাতে ভাৰতবৰ্ষ বহু ধর্মবিশিষ্ট দেশ। গতিকে ধৰ্মক ৰাজনীতিৰ হাতিয়াৰ হিচাবে ব্যৱহাৰ কৰাৰো পৰিণতি ভয়াৱহ হ’ব পাৰে। সেয়েহে গান্ধীয়ে ধর্ম সম্পর্কে এটা নতুন তত্ত্ব নির্মাণ কৰিলে- “সর্বধর্ম সমভাব”- অর্থাৎ সকলো ধৰ্মৰে প্রতি সম মর্যাদা পোষণ কৰা।
ধৰ্মৰ পৰা ৰাজনীতিক সম্পূর্ণৰূপে পৃথক কৰাৰ পৰিৱৰ্তে সকলো ধৰ্মৰ প্রতি সমভাব পোষণৰ বাবে গান্ধীয়ে জনোৱা আহবান অবশ্যে সকলোৰে বাবে গ্রহণযোগ্য নাছিল। উদাহৰণস্বৰূপে আধুনিক ভাৰত নিৰ্মাতা জৱাহৰলাল নেহৰুৱেও প্রথমাৱস্থাত গান্ধীৰ এই দৃষ্টিভংগীৰ বিৰোধিতা কৰিছিল। কিন্তু নেহৰুৱে লাহে লাহে বুজি উঠিছিল যে ভাৰতীয় ৰাজনীতিত ধর্মক সম্পূর্ণৰূপ আঁতৰ কৰিব নোৱাৰি। সেয়ে তেওঁ উপলব্ধি কৰিলে যে ভাৰতবৰ্ষৰ ক্ষেত্ৰত ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হি পশ্চিমীয়া দেশৰ আর্হিতকৈ বেলেগ হ’ব।
নেহৰুৰ মতে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ অৰ্থ ধর্মীয় চেতনাক নিৰুৎসাহিত কৰা নহয়। ইয়াৰ প্ৰকৃত অৰ্থ হ’ল ধর্মীয় স্বাধীনতা। ব্যক্তিক যিকোনো ধর্ম গ্রহণ, অনুশীলন আৰু প্ৰচাৰৰ অধিকাৰ প্ৰদান কৰাটোৱেই ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ মূল কথা ।
নেহৰুৱে ধৰ্মনিৰপেক্ষতাবাদৰ ক্ষেত্ৰত তিনিটা কথাত গুৰুত্ব দিছিল:
(১) সকলো লোকৰে ধৰ্মীয় স্বাধীনতা থাকিব। অর্থাৎ প্রত্যেকেই নিজা পছন্দৰ ধৰ্ম পালন আৰু অনুশীলন কৰিব পাৰিব। কোনো লোকে যদি ধর্মক বিশ্বাস কৰিব নোখোজে তেন্তে তেওঁলোকৰ সেই অধিকাৰো থাকিব;
২) ৰাষ্ট্ৰই সকলো ধর্মকে সমভাবে শ্রদ্ধা কৰিব;
৩) ৰাষ্ট্র নিজে কোনো বিশেষ ধর্ম বা বিশ্বাসৰ স’তে ঘনিষ্ঠ হৈ উঠাৰ পৰা নিজকে বিৰত ৰাখিব। কাৰণ তেনে কৰিলে সেই বিশেষ ধর্মই ৰাষ্ট্ৰীয় ধৰ্মৰ স্বীকৃতি দাবী কৰিব পাৰে।
ওপৰৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট যে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হি পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হিতকৈ বেলেগ। এই দুই আৰ্হিৰ মাজত থকা মূল পাৰ্থক্যসমূহ হ’ল –
১) পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাবাদৰ ক্ষেত্ৰত ৰাষ্ট্ৰই ধৰ্মক্ষেত্ৰত কোনো ধৰণৰ হস্তক্ষেপ নকৰে। অর্থাৎ ধৰ্ম আৰু ৰাষ্ট্ৰ পাৰস্পৰিকভাবে পৃথক। কিন্তু ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে ধৰ্ম আৰু ধর্মীয় আচাৰ-অনুষ্ঠানক চৰম কর্তৃত্ব আৰু স্বাধীনতা প্ৰদান কৰা নাই। উদাহৰণস্বৰূপে ধৰ্মৰ মাজত থকা বর্ণবাদী ব্যৱস্থা অথবা অস্পৃশ্যতাৰ নীতিক ভাৰতীয় সংবিধানে নাকচ কৰিছে। কোনো লোকে ধৰ্মৰ দোহাই দি অস্পৃশ্যতাৰ নীতি অনুশীলন কৰিলে তাৰ বিৰুদ্ধে ৰাষ্ট্ৰই বিধিগত ব্যৱস্থা গ্রহণ কৰিব পাৰে। সেইদৰে ধৰ্মৰ দোহাই দি কোনেও নাৰীবিদ্বেষী কার্যত লিপ্ত হ’ব নোৱাৰিব।
(২) ভাৰবৰ্ষত কেইবাটাও সংখ্যালঘু ধর্ম আছে। সেইবোৰ হ’ল-ইছলাম, খ্রীষ্টান, শিখ, বৌদ্ধ আৰু জৈন ধর্ম। ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে এই সংখ্যালঘু ধর্মসমূহৰ যে বৰ্তি থকাৰ আৰু নিজা ধর্মীয় সংস্কৃতি তথা ধর্মীয় প্রতিষ্ঠান ইত্যাদি প্ৰসাৰণৰ অধিকাৰ আছে সেই কথাটো স্বীকাৰ কৰি লৈছে।
(৩) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে সাংবিধানিক প্রমূল্য বাস্তবায়িত কৰিবৰ বাবে ৰাষ্ট্ৰৰ উদ্যোগত ধর্মীয় সংস্কাৰৰো পোষকতা কৰিছে। অর্থাৎ ধর্মীয় বিশ্বাস বা ৰীতি-নীতিৰ মাজত সোমাই থকা কুসংস্কাৰ যেনে অস্পৃশ্যতা, সতীদাহ প্রথা, বাল্য বিবাহ, অসবর্ণ বিবাহৰ ক্ষেত্ৰত বিৰোধিতা- আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰই নীতি প্রণয়ন কৰি সেইবোৰক অবৈধ বুলি ঘোষণা কৰিছে।
ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ সমালোচনা :
ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ বিৰুদ্ধে বিভিন্ন সমালোচনা শুনা যায়। বহু সময়ত সেই সমালোচনা শুদ্ধ তথ্য আৰু যুক্তিৰ ওপৰত প্রতিষ্ঠিত নহয়। তলত সংক্ষেপে এই সমালোচনা আৰু তাৰ সীমাৱদ্ধতা সম্পর্কে আলোচনা কৰা হ’ল।
১) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ ধর্মবিৰোধী :
ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ সম্পর্কে আগবঢ়োৱা দুটা প্রধান অভিযোগ হ’ল যে ই ধর্মবিৰোধী আৰু ধৰ্মীয় পৰিচয়ৰ প্রতি এক ভাবুকি এই দুয়োটা অভিযোগেই শুদ্ধ তথ্যৰ ওপৰত প্রতিষ্ঠিত নহয়। জৱাহৰলাল নেহৰৰ বক্তব্যই স্পষ্ট কৰি দিছে যে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে ধর্মবিৰোধী স্থিতি গ্রহণ কৰা নাই। তাৰ পৰিৱৰ্তে সাংবিধানিকভাবে ধর্মীয় অধিকাৰক এক মৌলিক অধিকাৰ বুলিহে মানি লোৱা হৈছে।
২) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ পশ্চিমৰ পৰা আমদানিকৃত :
ধৰ্মনিৰপেক্ষতাবাদৰ ধাৰণাটো নিশ্চয়কৈ পশ্চিমীয়া ধাৰণা। কাৰণ আধুনিক যুগ আৰু আধুনিক ৰাষ্ট্ৰব্যৱস্থা গঢ়ি উঠাৰ লগে লগেই ধৰ্মনিৰপেক্ষতাবাদৰ ধাৰণাটো গঢ় লৈ উঠিছিল। পশ্চিমৰ দেশসমূহেই প্রথমে ইয়াক প্রয়োগ কৰিছিল। কিন্তু ভাৰতবৰ্ষই গ্ৰহণ কৰা ধৰ্মনিৰপেক্ষতাবাদৰ ধাৰণা ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ স’তে যুক্ত হৈ আছে।
৩) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে ৰাষ্ট্ৰক ধৰ্মৰ প্ৰশ্নত হস্তক্ষেপ কৰাৰ অবাধ ক্ষমতা প্রদান কৰিছে :
ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে কিছুমান প্রশ্নত ৰাষ্ট্ৰক ধর্মীয় ৰীতি-নীতি আৰু সিদ্ধান্তৰ ওপৰত হস্তক্ষেপ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। উদাহৰণস্বৰূপে অস্পৃশ্যতা, সতীদাহ, বাল্যবিবাহ, মহিলাৰ প্ৰতি কৰা বৈষম্য আদি প্রশ্নবোৰত ৰাষ্ট্ৰই হস্তক্ষেপ কৰিছে আৰু এই ৰীতি-নীতিসমূহ বন্ধ কৰিবৰ বাবে আইনী ব্যৱস্থা গ্রহণ কৰিছে। বহুতেই ক’ব খোজে এইয়া ৰাষ্ট্ৰৰ অনাধিকাৰ হস্তক্ষেপ। কিন্তু ভাৰতবৰ্ষত ৰাষ্ট্ৰই ধৰ্মৰ ক্ষেত্ৰত কৰা হস্তক্ষেপৰ বেলিকা কিছুমান মৌলিক সাংবিধানিক প্রমূল্য মানি চলিছে।
৪) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে ভোট-বেংক ৰাজনীতিকহে বৈধতা প্রদান কৰিছে :
এই অভিযোগ সম্পূর্ণৰূপে মিছা নহয়। ভাৰতবৰ্ষৰ বহুবোৰ ৰাজনৈতিক দলে ধৰ্মৰ পৰিচয়ৰ ভিত্তিত ভোট সংগ্ৰহৰ প্রচেষ্টা চলাই আহিছে। এনে ৰাজনীতিয়ে সাম্প্রদায়িক বাতাবৰণ সৃষ্টিতো অৰিহণা যোগাইছে। কিন্তু একে প্রসঙ্গতে আমি এই কথাও মনত ৰখা উচিত হ’ব যে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে কোনো ৰাজনৈতিক দলক ধৰ্মৰ নামত ভোটৰ ৰাজনীতি কৰাৰ কর্তৃত্ব দিয়া নাই।
জনসাধাৰণ ক্ৰমে নিজৰ অধিকাৰ আৰু নিৰাপত্তা সম্পর্কে অধিক সচেষ্ট হ’লে ভাৰতীয় ৰাজনীতিয়ে এই ধৰণৰ বিভাজিত ভোট-বেংকৰ ৰাজনীতিৰ পৰা মুক্ত হ’ব পাৰিব বুলি আশা কৰিব পাৰি।
সামৰণি:
দৰাচলতে ‘ধৰ্মনিৰপেক্ষ’ ধাৰণাটোৰ সঠিক পৰিপূৰক শব্দ এটা বিচাৰি পোৱাটোৱেই যথেষ্ট কঠিন কথা। কিছুমান লোকে ভাবে যে ইয়াৰ অৰ্থ ধৰ্মক বিৰোধিতা কৰা ধৰণৰ কিবা কথা। সেইটো একেবাৰে শুদ্ধ কথা নহয়। ধৰ্মনিৰপেক্ষতাবাদৰ অৰ্থ হ’ল এনেকুৱা এখন ৰাষ্ট্ৰ যি সকলো ধর্মকে সমভাবে সন্মান কৰে, প্রত্যেক ধর্মকে সম সুবিধা প্রদানৰ পোষকতা কৰে। এনে ৰাষ্ট্র নিজেই কোনো বিশেষ ধর্ম বা বিশ্বাসৰ স’তে সাঙোৰ খাই নপৰে, যাৰ জৰিয়তে তেনে ধর্ম বা বিশ্বাস ৰাষ্ট্ৰৰ ধৰ্ম হৈ উঠিব পাৰে।”
ওপৰৰ আলোচনাৰ পৰা আমি ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ বহল চৰিত্ৰটো অনুধাবন কৰিব পাৰো। ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ অৰ্থ কেৱল সকলো ধৰ্মৰ প্ৰতি সমভাবৰ নীতিতে আৱদ্ধ থকা নাই। ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ ক্ষেত্ৰত এই নীতি অপৰিহাৰ্য। কিন্তু ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ আৰু অধিক গভীৰলৈ সোমাই গৈছে। ধৰ্ম আৰু সাংবিধানিক প্রমূল্যৰ মাজত যাতে দন্দ্ব বা সংঘাত থাকিব নোৱাৰে সেই কথা নিশ্চিত কৰিবৰ বাবে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে ৰাষ্ট্ৰক ধর্মীয় ৰীতি-নীতি বা আচাৰ-অনুষ্ঠানৰ ওপৰত হস্তক্ষেপ কৰাৰ অধিকাৰ প্ৰদান কৰিছে।
0 Comments